Show/Hide Keyboard Layout

মোৰ আজি সন্ধিয়াৰ

- জ্যোতিপ্ৰসাদ আগৰৱালা

মোৰ আজি সন্ধিয়াৰ

গানৰ কথা

প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা

গোপনৰ বাণী

মৰমেৰে সানি

গানতে মিলাই গালে

উলিয়াব জানো তোৰ

চকুৰ পানী ?

আকুল ই কণ্ঠৰ গানে

ক’ব জানো তোৰ কাণে কাণে

মোৰ হিয়া নিজানৰ

নুফুটা ব্যাথা ?

মোৰ আজি সন্ধিয়াৰ

গানৰ কথা

প্ৰাণেৰে মনেৰে সুৰেৰে গঁথা ।।

 

Hits: 1559